Education

World Environment Day 2024

World Environment Day
World Environment Day

Our Land, Our Future, We are generation restoration ( World Environment Day 2024 )

World Environment Day 2024 celebration in 36 No Nalkata Primary School. Event was organized by students. Supported by Annapurna Seed Library. Agenda was

1) Fun with Soil, Directed by Pritam Borah, Class 5.

2) Edible herbs plantation in Kitchen Garden by kids. Saplings are supplied by Annapurna Seed Library. Directed by Vaasha Dutta, Class 1.

3) Jyoti Sangeet performance by students.

3) Speech by Students, Inaugurated by Head Mistress Mrs Ratna Nandi. In her speech she highlighted importance of World Environment Day 2024 celebration in school. Subject: Our Land, Our Future, we are #generationrestoration Moderator: Bidyashri Borah, Class 3 Panelists: Ayusree Dutta, Ayushman Saikia, Debangana Bora Class 3, Suhani Dutta, Kristipriya Borah Class 4

4) Art Exhibition

5) Quiz Competition on environment.

আমাৰ মাটি, আমাৰ ভৱিষ্যত, আমি পুনৰুদ্ধাৰকাৰী প্ৰজন্ম ( World Environment Day 2024 )

সমগ্ৰ বিশ্বৰ লগতে ৫ জুন ২০২৪ তাৰিখে যোৰহাট জিলাৰ কেন্দুগুৰিত অৱস্থিত ৩৬ নং নালকটা প্রাথমিক বিদ্যালয়ত ব্যতিক্ৰমী ধৰণে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰে। দিন জোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটি কণ কণ শিশুবোৰে নিজেই পৰিচালনা কৰে। অনুষ্ঠানটি অন্নপূৰ্ণা বীজ লাইব্ৰেৰীৰ সহযোগত আয়োজন কৰা হল।

পুৱা ৮ বজাত বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ প্ৰীতম বৰাৰ পৰিচালনাত “মাটিৰে ধেমালি” নামৰ এটি অনুষ্ঠান অনুষ্ঠিত হয়। মাটি পুনৰুদ্ধাৰ কৰি পৰিবেশ সংৰক্ষণৰ প্ৰতি ছাত্ৰ ছাত্ৰী সকলক প্ৰত্যক্ষ ভাবে জড়িত কৰিবলৈ এই অনুষ্ঠানটো আয়োজন কৰা হল।

৮:৩০ বজাত পুলি ৰোপন কাৰ্যসূচী পৰিচালনা কৰে কণমানি প্ৰথম শ্ৰেণীৰ ছাত্ৰী ভাষা দত্তই। পুলি সমূহ অন্নপূৰ্ণা বীজ লাইব্ৰেৰীয়ে যোগান ধৰে। বিদ্যালয় চৌহদত ছয় প্ৰকাৰৰ বিভিন্ন তুলসীৰ পুলি ৰোপন কৰে। তাৰ উপৰিও বিদ্যালয়ৰ Kitchen Garden ত ছাত্র ছাত্ৰী, অভিভাৱক আৰু শিক্ষয়িত্ৰী সকলৰ দ্বাৰা মচন্দৰী, মান-ধনীয়া, গন্ধনা, পদিনা, শুকলতি, মৰিছা, টেঙামৰা, পনৌনোৱা, চিৰতা, চিত্ৰনলা, বেঙেনা, জলকীয়া আদিৰ পুলি ৰোপন কৰা হয়।

৯ বজাত ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা এক বক্তৃতা অনুষ্ঠান আয়োজন কৰা হয়। বিষয় আছিল: “আমাৰ মাটি, আমাৰ ভৱিষ্যত, আমি পুনৰুদ্ধাৰকাৰী প্ৰজন্ম”। অনুষ্ঠানটো উদ্বোধন কৰে প্ৰধান শিক্ষয়িত্ৰী ৰত্না নন্দীয়ে। পৰিবেশ সম্পৰ্কীয় দুটা জ্যোতি সংগীত পৰিবেশন কৰে ছাত্ৰ ছাত্ৰী সকলে। বক্তৃতা অনুষ্ঠানটো সঞ্চালনা কৰে তৃতীয় শ্ৰেণীৰ ছাত্ৰী বিদ্যাশ্রী বৰাই। বক্তা হিচাপে তৃতীয় শ্ৰেণীৰ দেবাংগনা বৰা, আয়ুষ্মান শইকীয়া, আয়ুশ্ৰী দত্ত আৰু চতুৰ্থ শ্ৰেণীৰ কৃষ্টিপ্ৰিয়া বৰা আৰু চুহানি দত্তই বক্তব্য প্ৰদান কৰে। বক্তৃতা প্ৰদান কৰি ছাত্ৰ ছাত্ৰী সকলে সাৰুৱা মাটিত নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়। সকলো ছাত্ৰ ছাত্ৰীৰ সাৰুৱা বক্তব্যই উপস্থিত সকলোকে উপকৃত কৰে। কণ কণ শিশুবোৰৰ এনেকুৱা অনুষ্ঠানটিয়ে অন্য শিশু বোৰৰ মাজতো বিষয়টো বোধগম্য কৰি তুলিলে। অভিভাৱক সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে শিক্ষয়িত্ৰী সকলে অতি বিচক্ষণ পদক্ষেপ গ্ৰহণ কৰে।

১০ বজাত ছাত্র ছাত্ৰী সকলে অংকন কৰা এখন চিত্ৰ প্ৰদৰ্শনী আয়োজন কৰে।

১০:৩০ বজাত ছাত্ৰ ছাত্ৰী সকলৰ মাজত পৰিবেশ সম্পৰ্কীয় এখনি কুইজ প্ৰতিযোগিতা আয়োজন কৰা হয়। হাড়গিলা বাইদেউ পূৰ্ণিমা দেৱী বৰ্মন, অৰণ্য মানৱ যাদৱ পায়েং, ৰাষ্ট্ৰীয় উদ্যান, গঁড় আদি বন্যপ্ৰাণী, উদ্ভিদ আদি বিষয়ত বিভিন্ন প্ৰশ্ন ছাত্ৰ ছাত্ৰী সকলে বুদ্ধিমত্তাৰে উত্তৰ দিলে।

১১ বজাত খাদ্য গ্ৰহণ কৰাৰ পাছত অনুষ্ঠানটো সফলতাৰে সমাপ্ত হয়।

Similar article related to this article ( World Environment Day 2024 )

9 Basil Herbs to Beat Air Pollution

World Environment Day 2017

Adarsh Seuj Prakalpa – Organic Demonstration Garden and Resource Centre

Medicinal Plants of Karbi Anglong

About the author

bijit dutta

Travel Organic

Add Comment

Click here to post a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Co-Founder Of…

Longlisted For Best Communicator IRTA2020

Enter your email to subscribe

Join 784 other subscribers