Uncategorized

Pinwheelflower

কঠনা ফুল

ইংৰাজী নাম: Pinwheel Flower, Crape Jasmine, East India Rosebay and Nero’s Crown

বৈজ্ঞানিক নাম: Tabernaemontana divaricata

কঠনা ফুল হৈছে এবিধ চিৰসেউজীয়া উদ্ভিদ প্ৰজাতি। হাবিত গজে বাবে ইয়াক বন-তগৰ বুলিও কোৱা হয়। ইয়াৰ ফুল গন্ধহীন আৰু সুগন্ধি উভয়েই হ’ব পাৰে, পাতৰ কাষ বা ডালৰ আগত বগা ফুলৰ থুপিয়ে গছ ভৰি থাকে। ফুল ৩-৫ চেমি বহল, একক বা দ্বৈত বা আধাদ্বৈত, পুষ্পদণ্ডৰ আগত ৫টি পাহি থাকে, পাহিবোৰ চেপেটা। ফল সেউজীয়া, ভিতৰত ৰঙা আৰু বিদাৰী।

বাংলাদেশত ইয়াৰ অন্য জনপ্ৰিয় নাম কাঠমল্লিকা। কাঠমল্লিকা ফুলৰ আৰু অনেক সুন্দৰ সুন্দৰ নাম আছে, যেনে: চাঁদনী, কড়ি। কাণ্ডত গাখীৰৰ দৰে ৰস থাকে বাবে ইয়াক কোনো কোনো এলেকাত দুধফুল নামেও আখ্যায়িত কৰা হয়। ইয়াৰ মূল সৌন্দৰ্য্য হৈছে বিশুদ্ধ বগা বৰ্ণৰ ফুল। নামনি অসমত এই ফুলক বহুতে কাঠেন্দা বুলিও কয় ৷ বসন্ত দেখা দিলে এই ফুলেৰে অসমীয়া সমাজত পূজা কৰাৰ আচাৰ বহু ঠাইত দেখা যায় ৷

About the author

bijit dutta

Travel Organic

Add Comment

Click here to post a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Co-Founder Of…

Longlisted For Best Communicator IRTA2020

Enter your email to subscribe

Join 784 other subscribers