Uncategorized

Night Jasmine

শেৱালি গছ

বৈজ্ঞানিক নাম: Nyctanthes arbor-tristis

ইংৰাজী নাম: Night Jasmine

শেৱালি হ’ল নিক্টান্থেস (Nyctanthes) ৰ অন্তৰ্গত এবিধ ফুল। ইয়াক দক্ষিণ এচিয়াৰ দক্ষিণ-পূৰ্ব থাইলেণ্ডৰ পৰা পশ্চিমে বাংলাদেশ, ভাৰত, উত্তৰে নেপাল, আৰু পূৱে পাকিস্তান পৰ্যন্ত দেখা পোৱা যায়। এই ফুল পশ্চিমবঙ্গৰ আৰু থাইলেণ্ডৰ কাঞ্চনাবুৰি প্ৰদেশৰ ৰাষ্ট্ৰীয় ফুল। শেৱালি ফুলৰ গা-গছজোপা নৰম ধূসৰ ছাল বা বাকলি বিশিষ্ট আৰু এই গছ ১০ মিটাৰ পৰ্যন্ত দীঘল হব পাৰে। গছডালৰ পাতসমূহ ৬-৭ চেণ্টিমিটাৰ দীঘল। ইয়াৰ ফল চেপেটা আৰু বাদামী হৃদপিণ্ড আকৃতিৰ। ফলৰ ব্যাস প্ৰায় ২ চেণ্টিমিটাৰ আৰু এটি দুই ভাগত বিভক্ত। প্ৰতিটো ভাগত এটাকে বীজ থাকে। এই ফুল শৰৎকালত ফুলা দেখা যায়। ফুলসমূহ ৰাতি ফুলি ৰাতিপুৱা গছৰপৰা সৰি পৰে।

নাম আৰু প্ৰতীক

লেটিন Nyctanthes-ৰ অৰ্থ হ’ল “সন্ধিয়া ফুলা” আৰু arbor-tristis-ৰ অৰ্থ হ’ল “বিষণ্ন গছ”। সন্ধিয়া ফুলা আৰু ৰাতিপুৱা সৰি পৰা কাৰণে কেতিয়াবা ইয়াক “tree of sorrow” বা “দুখৰ গছ”-বুলিও কোৱা হয়। এইখন শেৱালী ফুলৰ গছ ৰোমান্টিক চৰিত্ৰৰ আভাষ দিয়ে।

শেৱালি ফুল ভাৰতৰ পশ্চিমবঙ্গ আৰু থাইলেণ্ডৰ কাঞ্চনাবুৰিৰ ৰাষ্ট্ৰীয় ফুল।

ব্যৱহাৰ

প্ৰাচীন কালৰে পৰা ই মেলেৰিয়াসদৃশ জ্বৰৰ ঔষধ হিচাপে ভাৰতবৰ্ষত ব্যৱহাৰ হৈ আহিছে। এই ফুল হালধীয়া ৰঙ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। ইয়াৰ ফুলসমূহ শুকুৱাই বহুদিনলৈ সংৰক্ষণ কৰি পিছত প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰিও ইয়াক চুলি, শালমন, মূৰৰ বিষ-ঘূৰণী, পেটৰ কৃমি ইত্যাদিৰ বেমাৰত ব্যৱহাৰ কৰা হয়।

About the author

bijit dutta

Travel Organic

Add Comment

Click here to post a comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Co-Founder Of…

Longlisted For Best Communicator IRTA2020

Enter your email to subscribe

Join 784 other subscribers