আমলখি গছ
ইংৰাজী: Amla,
বৈজ্ঞানিক নাম- Phyllanthus emblica)
আমলখি ‘Phyllanthaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত পৰ্ণপাতী উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদৰ পৰা পোৱা একে নামৰ ফলৰ বাবে ইয়াক জনা যায়। ভাৰতবৰ্ষৰ সকলো অঞ্চলতে ১৫০০ মিটাৰ উচ্চতা পৰ্যন্ত আমলখি গছ গজে। আমলখি ভিটামিন ‘চি’ সমৃদ্ধ।
বিৱৰণ
আমলখি গছৰ আকাৰ সৰুৰ পৰা মজলীয়া আৰু উচ্চতা প্ৰায় ৮-১৮ মিটাৰ পৰ্যন্ত হয়। এই গছৰ ডালবোৰ ফনা মেলা ধৰণৰ হয়। আমলখিৰ পাতবোৰ সৰু আৰু ঘন হয়। পাতবোৰ ১০ মিলিমিটাৰমান দীঘল আৰু ২ মিলিমিটাৰমান বহল হয়। ঠাৰিৰ দুয়োকাষে ঘন ঘনকৈ পাত লাগে। একেজোপা গছতে পুং আৰু স্ত্ৰী পুষ্প ফুলে। আমলখিৰ ফুলৰ ৰং সেউজ-হালধীয়া আৰু পাতৰ তলে তলে থূপ পাতি ফুলে। পুং পুষ্প স্ত্ৰীপুষ্পতকৈ সংখ্যাত অধিক। ইয়াৰ ফলটো প্ৰায় ঘুৰণীয়া, পাতল হালধীয়া বৰণৰ আৰু মিহি হয়। ফল ১.৫ – ২.৫ চেণ্টিমিটাৰলৈকে ডাঙৰ হয়। ফল মঙহাল আৰু বহিৰ্ভাগ ছটা খণ্ডত স্পষ্ট। বীজ ছটালৈকে থাকে।
ঔষধি গুণ
পৰম্পৰাগতভাৱে আৰু আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়। এই উদ্ভিদৰ প্ৰায় সকলোবোৰ অংশই যেনে ফল, গুটি, পাত, শিপা আৰু বাকলি বিভিন্ন ৰোগত ব্যৱহাৰ হয়। আমলখিয়ে পিত্তদোষ নিৰাময়ত সহায় কৰে। ভিটামিন ‘চি’ৰ অভাৱত হোৱা খহুলা (Scurvy) ৰোগ নিৰাময়ত আমলখি খাবলৈ দিয়া হয়। হাঁওফাঁওৰ যক্ষ্মা ৰোগত ভোগা ৰোগীৰ ওপৰত কৰা পৰীক্ষাৰ পৰা জনা গৈছে যে, সংশ্লেষিত ভিটামিন ‘চি’ৰ উপকাৰিতা অধিক। তুৰষ্কত আমলখি হাঁওফাঁওৰ পোৰণিত ব্যৱহাৰ কৰে। পাৰস্যত পেলুনাশক হিচাপে আমলখিৰ ৰস খুৱায়। আমলখিৰ বীজত ফছফেটাইড পোৱা যায়। কেঁচা আমলখি শীতলকাৰক, শক্তিকাৰক, চৰ্মৰোগনাশক আৰু ৰোধক, মূত্ৰকাৰক, জুলাপ, জ্বৰনাশক, বমনৰোধী, অজীৰ্ণতা, কোষ্ঠকাঠিন্য, কৃমি, পেটৰ বিষ, গ্ৰহণী, ৰক্তক্ষৰণ আদি অনেক ৰোগ আৰু স্বাস্থ্য ৰক্ষাত উপকাৰী।
কি ৰোগত কেনেদৰে ব্যৱহাৰ হয়
● অম্লপিত্ত ৰোগত আমলখিৰ ৰস চেনিৰ সৈতে নিয়মিত খালে ৰোগ উপশম হয়।
● এঁৱা ভঙা অৰ্থাৎ নাকৰপৰা তেজ ওলোৱা বেমাৰত আমলখি ঘিঁউত ভাজি বাহি পানীত বাতি তালুত ভৰণ দিয়া হয়।
● নেমুৰ ৰস আৰু আমলখিৰ ৰস মিহলাই খালে তেজ গ্ৰহণী আৰোগ্য হয়।
● চকু ৰঙাপৰা ৰোগত আমলখিৰ ৰস ১/২ টোপাল চকুত দিয়ে।
● একেৰাহে জ্বৰ উঠি থাকিলে আমলখিৰ ৰস ঘিঁউত মিহলাই খালে উপকাৰ পোৱা যায়।
● আমলখিৰ ৰস ২/৩ চাহ চামোচ,এচামোচ মৌজোলত মিহলাই নিয়মিত পুৱা খালে দৃষ্টিশক্তি অটুট থাকে।
● আমলখিৰ কিম্বন কৰা ৰস পাণ্ডুৰোগ,অজীৰ্ণতা আৰু কাহত ব্যৱহৃত হয়।
● আমলখি ফলৰ তেল ঘঁহিলে চুলি পকা বন্ধ হয়।
● শুকান আমলখি পানীত তিয়াই তাৰ ৰস খালে পিত্তৰোগ আৰু পিত্তশূল উপশম হয়।
● বহুমূত্ৰ ৰোগত ২/৩ টা আমলখি দৈনিক খালে সুফল পোৱা যায়।
● লৌহ ধাতু আৰু আমলখি ৰক্তাল্পতাৰ (পাণ্ডুৰোগৰ) মহৌষধ।
● শ্বাস কষ্টত আমলখিৰ ৰস,মৌজোল আৰু পিপলিৰ সৈতে খালে উপশম পোৱা যায়।
● আমলখিৰ ৰসে বমি আৰু হেঁকটি অহা ৰোধ কৰে।
● আমলখিৰ কুঁহিপাতৰ ৰস খালে অজীৰ্ণতা আৰু বদহজম দূৰ হয়।
● আমলখিৰ ছালৰ ৰস,মৌজোল আৰু হালধিৰ লগত প্ৰমেহ ৰোগত খায়।
● বীজ হাঁপানি আৰু ব্ৰংকাইটিছ ৰোগত আমলখি ব্যৱহাৰ কৰা হয়।
● আমলখিত পোৱা মিথানল দ্ৰব্য HIV (RT) ৰ দমনকাৰী ঔষধ।
● চিয়াঁহী, চেম্পু, চুলিত ঘঁহা তেল আদি প্ৰস্তুত কৰাত আমলখি ব্যৱহাৰ কৰা হয়।
Add Comment