আঁহত গছ
বৈজ্ঞানিক নাম: Ficus religiosa
ইংৰাজী নাম: Sacred fig
অসমীয়া নাম: আঁহত গছ
আঁহত বৃক্ষজাতীয় উদ্ভিদ। আহঁত এবিধ পৰ্ণপাতী বা পাৰ্শ্বীয় চিৰসেউজীয়া উদ্ভিদ। এই গছজোপাৰ উচ্চতা ৩০মিটাৰ পৰ্য্যন্ত আৰু ব্যাস তিনি মিটাৰ পৰ্য্যন্ত হ’ব পাৰে। এই গছৰ পাতবোৰ সৰু পাণৰ আকৃতিৰ হয়। গুৰিভাগ খাঁজ নকটা ঘূৰণীয়া আৰু আগৰফালে ক্ৰমান্বয়ে সৰু হৈ গৈ দীঘলনেজীয়া ৰূপ ধৰে। পাতৰ দৈৰ্ঘ্য প্ৰায় ১০-১৭ ছে:মি: আৰু পৃস্থ ৮-১২ ছে: মি: হয়।
আহঁত গছৰ ফলবোৰ সৰু, বৰণ কেঁচাতে সেউজীয়া আৰু পকিলে বেঙুণীয়া হৈ পৰে।
আহঁতৰ জীৱনকাল দীঘলীয়া। এই গছৰ গড় আয়ুস ৯০০-১৫০০ বছৰ। কিছুমান ঠাইত এই গছ ৩০০০ বছৰ পৰ্য্যন্ত জীয়াই থকাৰো তথ্য পোৱা যায়।
আঁহত গছক হিন্দু, জৈন আৰু বৌদ্ধ ধৰ্মত পবিত্ৰ বুলি গণ্য কৰা হয়। শ্ৰীলংকাত থকা বোধি বৃক্ষক মানুহে ৰোৱা আটাইতকৈ পুৰণি গছ বুলি অনুমান কৰা হয়।
ব্যৱহাৰ:
পৰম্পৰাগতভাৱে আঁহতৰ বিভিন্ন অংশ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। তথ্য অনুসৰি প্ৰায় ৫০ বিধ সৰু-বৰ ৰোগ যেনে বহুমূত্ৰ, এজমা, ডায়েৰিয়া, হৃদযন্ত্ৰৰ বিভিন্ন বিসংগতি আদিত এই উদ্ভিদ ব্যৱহৃত হয়। আয়ুৰ্বেদীয় চিকিৎসা পদ্ধতিতো আঁহত গছৰ বিভিন্ন অংশৰ বহুলভাৱে ব্যৱহাৰ কৰা হয়।
Add Comment